March 6, 2025 7:03 PM | ICC Cricket

printer

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত হ’বলগীয়া ফাইনেলৰ বাবে দশৰ্কৰ অভূতপূৰ্ব উৎসাহ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হবলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব। প্ৰতিযোগিতাৰ লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক ৩৬৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ৫০ অ’ভাৰত ৯টা উইকেটৰ বিনিময়ত ৩১২ ৰানহে কৰিবলৈ সমৰ্থ হয়। যোৱা মঙলবাৰে অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।