December 17, 2025 12:05 PM | Cricket

printer

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ট্ৰফীৰ ভ্ৰমণ আৰম্ভ

২০২৬ চনত হবলগীয়া পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ট্ৰফীৰ ভ্ৰমণ কালি আৰম্ভ হয়। প্রতিযোগিতাৰ দুই সহ আয়োজক ৰাষ্ট্ৰ ভাৰত আৰু শ্রীলংকাৰ সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা ৰামসেতুত এই ভ্রমণ মুকলি কৰা হয়। প্রতিযোগিতাখনৰ এই দশম সংস্কৰণত ২০টা দলে অংশ লব। প্রতিযোগিতাৰ খেলসমূহ ভাৰতৰ পাঁচখন আৰু শ্রীলংকাৰ তিনিখন ষ্টেডিয়ামত খেলোৱা হব। ২৯ দিনীয়া এই প্রতিযোগিতাখন অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মার্চলৈ চলিব। কালি মুকলি কৰা এই ট্ৰফী ভ্রমণে ভাৰতৰ লগতে শ্রীলংকা, কাটাৰ, ওমান, নেপাল, বাহৰেইন আৰু মংগোলীয়াক সামৰি লব। প্রতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে এই ভ্রমণে কোটি কোটি ক্রিকেট প্রেমীক ট্ৰফীটো ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ দিব। প্রতিযোগিতাৰ খেলসমূহৰ বাবে ভাৰতৰ নিৰ্ধাৰিত ষ্টেডিয়ামকেইখন হল-আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়াম, নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়াম, কলকাতাৰ ইডেন গার্ডেনছ আৰু মুম্বাইৰ বাংখেড়ে ষ্টেডিয়াম। একেদৰে কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়াম আৰু সিংহলীজ স্পর্টছ ক্লাব ক্রিকেট গ্রাউণ্ডৰ লগতে কেণ্ডিৰ পাল্লেকেলে আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামক প্রতিযোগিতাৰ শ্ৰীলংকাত হবলগীয়া খেলসমূহৰ বাবে বাছি উলিওৱা হৈছে।