ভাৰত আজি মহিলাৰ আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাত নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পর্টছ একাডেমী খেলপথাৰত আৰম্ভ হ’ব। আকাশবাণীয়ে বিয়লি আঢ়ৈ বজাৰ পৰা হিন্দী আৰু ইংৰাজী ভাষাত খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব।
ইপিনে, দক্ষিণ আফ্রিকা প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত কালি দক্ষিণ আফ্রিকাই ইংলেণ্ডক ১২৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। খেলখনত প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ৫০ অ’ভাৰত ৭ উইকেটৰ বিনিময়ত ৩১৯ বান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে ৪২ অভাৰ আৰু ৩টা বলত ১৯৪ ৰান কৰি আটাইকেইটা উইকেট হেৰুৱায়।