ডাউনলোড
মোবাইল এপ

android apple
signal

অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফী

আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চিয়ে ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰিছে। অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ এই প্ৰতিযোগিতা পাকিস্তান আৰু নিৰপেক্ষ স্থান ইউ এ ইত অনুষ্ঠিত হ’ব। যোৱাবাৰৰ চেম্পিয়ন পাকিস্তানে ১৯৯৬ চনৰ পাছৰে পৰা এইবাৰ প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিব। ভাৰতক বাংলাদেশ, নিউজিলেণ্ড আৰু পাকিস্তানৰ সৈতে প্ৰতিযোগিতাৰ গ্ৰুপ-এত স্থান দিয়া হৈছে। আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাক গ্ৰুপ-বিত অন্তৰ্ভুক্ত কৰা হৈছে। ১৯ ফেব্ৰুৱাৰীত কৰাচিত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন খেলত পাকিস্তান–নিউজিলেণ্ডৰ সন্মুখীন হ’ব। ভাৰত ২০ ফেব্ৰুৱাৰীত ডুবাইত হ’বলগীয়া নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ২৩ ফেব্ৰুৱাৰীত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত প্ৰথমখন ছেমিফাইনেল ৪ মাৰ্চত ডুবাইত আৰু দ্বিতীয়খন ছেমিফাইনেল ৫ মাৰ্চত লাহোৰত অনুষ্ঠিত হ’ব। ৯ মাৰ্চত একেটা স্থানত ফাইনেল খেলখনো অনুষ্ঠিত হ’ব। অৱশ্যে ভাৰতে চেমি ফাইনেল আৰু ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিলে এই খেল দুখন ডুবাইত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।