আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি বিয়লি নবী মুম্বাইৰ ডি বাই পাটিল ষ্টেডিয়ামত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীর্ণ হ‘ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ‘ব। আজিৰ খেলত দুয়োটা দলে ২ পইন্ট অৰ্জনৰ বাবে আপ্রাণ চেষ্টা চলাব। ভাৰতে এইবাৰৰ বিশ্বকাপত শ্রীলংকা আৰু পাকিস্তানক পৰাস্ত কৰি প্রত্যয়জনক আৰম্ভণি কৰিছিল যদিও পৰৱৰ্তী সময়ত দক্ষিণ আফ্রিকা, অস্ট্রেলিয়া আৰু ইংলেণ্ডৰ হাতত পৰাস্ত হৈ ছেমি ফাইনেলৰ পূৰ্বে বিদায় লোৱাৰ শংকাত ভূগিবলগীয়া হৈছে। ছেমি ফাইনেলৰ পূৰ্বে বাকী থকা নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে দুয়োখন খেলত জয়লাভ কৰিব পাৰিলেহে ভাৰতে ছেমি ফাইনেল খেলাৰ আশা থাকিব। নিউজিলেণ্ডৰ কাৰণেও আজিৰ খেলখন সমানে তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। আজিৰ খেলখনত পৰাজিত হোৱা দলটো প্রতিযোগিতাৰ পৰা বাহিৰ হ‘ব।
ইপিনে কালি নিশা ইন্দোৰৰ হলকাৰ ক্ৰিকেট স্টেডিয়ামত অনুষ্ঠিত এখন খেলত অস্ট্রেলিয়াই ইংলেণ্ডক ৬ উইকেটত পৰাজিত কৰে। কালিৰ খেলত অস্ট্রেলিয়াৰ এছলে গার্ডনাৰে ৬৯টা বলত শতক সম্পূর্ণ কৰি অভিলেখ ৰচনা কৰে। এনাবেল ছুথাৰলেণ্ডক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।