November 3, 2025 12:44 PM | ICC world cup

printer

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ প্রথমটো খিতাপ জয়

নবী মুম্বাইৰ ড০ ডি বাই পাটিল স্পর্টছ একাডেমীত যোৱা নিশা অনুষ্ঠিত আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্রিকাক ৫২ ৰানত পৰাজিত কৰি মহিলা বিশ্বকাপত প্রথমটো খিতাপ জয় কৰে। দক্ষিণ আফ্রিকাই ২৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৫ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। লণ্ডৰা উলভার্টে সর্বাধিক ১০১ ৰান কৰে। ভাৰতৰ দিপ্তী শৰ্মাই ৫টা আৰু শেফালী বার্মাই দুটা উইকেট দখল কৰে। বৰষুণৰ বাবে প্রায় দুঘণ্টা পলমকৈ আৰম্ভ হোৱা খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৯৮ ৰান সংগ্ৰহ কৰে। শেফালী বার্মাই সর্বাধিক ৮৭ আৰু দিপ্তী শৰ্মাই ৫৮ ৰান কৰে। দক্ষিণ আফ্ৰিকাৰ আয়াবোংগা খাকাই তিনিটা উইকেট লাভ কৰে। শেফালী বাৰ্মাক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। বিশ্বকাপ জয়ী দলটোৰ অন্যতম সদস্য আছিল অসমৰ উমা চেত্রীও।

উল্লেখযোগ্য যে ভাৰতে ইয়াৰ পূৰ্বে ২০০৫ আৰু ২০১৭ চনত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।