June 27, 2025 11:37 AM | IBPS

printer

আই বি পি এছৰ দ্বাৰা পৰিচালিত পৰীক্ষাত আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰত অনুমোদন চৰকাৰৰ

চৰকাৰে ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল ছিলেকচন চমুকৈ আই বি পি এছৰ দ্বাৰা পৰিচালিত পৰীক্ষাত প্ৰাৰ্থী পৰীক্ষণৰ বাবে আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰত অনুমোদন জনাইছে। বিত্ত মন্ত্ৰালয়ৰ অধীনৰ বিত্তীয় সেৱা বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি, আইবিপিএছে নিজৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীৰ পৰিচয় পৰীক্ষা কৰাৰ বাবে স্বেচ্ছামূলকভাৱে আধাৰ প্রমাণীকৰণ ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপে পৰীক্ষাৰ সময়ত ভুৱা পৰিচয় আৰু আন অসৎ উপায় অৱলম্বন ৰোধ কৰি বেংক, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ নিযুক্তি প্রক্রিয়া আসোঁৱাহমুক্ত আৰু শক্তিশালী কৰিব বুলি ধাৰণা কৰা হৈছে । লগতে এই পদক্ষেপে পৰিচয় পৰীক্ষণ সৰল তথা ক্ষিপ্ৰ কৰি প্ৰশাসনিক হেঁচা হ্ৰাস কৰাৰ উপৰি সামগ্ৰিকভাৱে পৰীক্ষা তথা বাছনি প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব বুলিও আশা কৰা হৈছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অনুমোদনৰ পাছত ভাৰতৰ একক পৰিচয় প্ৰাধিকৰণৰ সৈতে আলোচনা কৰি এই অধিসূচনা জাৰি কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।