ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 23, 2025 11:38 AM | IAEA

printer

আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEA য়ে আজি জৰুৰী বৈঠকৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEA য়ে আজি এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছে। সংস্থাৰ মুৰববী ৰাফেল গ্রোছিয়ে প্ৰকাশ কৰা অনুসৰি ইৰানৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই বৈঠক আহ্বান জনোৱা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত গ্ৰোছিয়ে কয়, যে ইৰানৰ পাৰমাণৱিক সুবিধাৰ স্থলসমূহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই চলোৱা আক্ৰমণৰ পাছত সংস্থাটোৰ গৱৰ্ণৰসকলৰ পৰিষদৰ এখন জৰুৰী বৈঠকৰ আহ্বান জনোৱা হৈছে। ইতিমধ্যে ইৰানৰ পাৰমাণৱিক অস্ত্ৰ বিভাগৰ মুৰববী মহম্মদ ইছলামে IAEA লৈ লিখিতভাৱে প্ৰেৰণ কৰা এখন পত্ৰত তেহৰানৰ তৰফৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ তদন্ত দাবী কৰা হোৱাৰ লগতে এই আক্ৰমণৰ গৰিহণা দিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ পূৰ্বে ইৰানৰ ৩টাকৈ পাৰমাণৱিক শক্তিস্থলত আমেৰিকা যুক্তৰাষ্ট্ৰই চলোৱা আক্ৰমণত কোনো ধৰণৰ বিকীৰণ হোৱা নাই বুলি IAEA য়ে নিশ্চিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।