ডাউনলোড
মোবাইল এপ

android apple
signal

April 30, 2025 12:19 PM | HSSLC exam

printer

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা কৰা হৈছে। এই বছৰৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ হৈছে কলা শাখাত প্রায় ৮১ শতাংশ, বিজ্ঞান শাখাত ৮৪. ৮-৮ শতাংশ, বাণিজ্য শাখাত প্রায় ৮২ শতাংশ আৰু ভকেচনেল শাখাত প্রায় ৬৮ শতাংশ। কলা শাখাত প্ৰথম বিভাগত ৪৯, ৫৭৭ গৰাকী শিক্ষার্থী, দ্বিতীয় বিভাগত ৮০, ৬৫০ গৰাকী আৰু তৃতীয় ৫৩, ৫১৮ গৰাকী শিক্ষার্থী উত্তীৰ্ণ হৈছে।

একেদৰে বিজ্ঞান শাখাত প্ৰথম বিভাগত ২৫, ৮২৭ গৰাকী শিক্ষার্থী, দ্বিতীয় বিভাগত ১৯,২৮৬ গৰাকী আৰু তৃতীয় বিভাগত ৩,১৯৬ গৰাকী শিক্ষার্থী উত্তীৰ্ণ হৈছে।
বাণিজ্য শাখাত ৬, ৫১৯ গৰাকী প্রথম বিভাগত, , ৭৬০ গৰাকী দ্বিতীয় বিভাগত আৰু ২,৩০৫ গৰাকী শিক্ষার্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। www.result.shiksha,
শিক্ষাৰ্থীসকলে নির্দিষ্ট ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ মাৰ্কশ্বিটসমূহ ডাউনলড কৰিব পাৰিব। তেওঁলোকে মোবাইল এপৰ জৰিয়তেও মার্কশ্বিটসমূহ চাব পাৰিব । www.ahsec.assam.gov.in, www.assamresult.in, www.schools9.com, assamjobalerts.com আদিকে ধৰি মুঠ ১২টা ৱেবছাইটত শিক্ষার্থীসকলে নিজৰ ৰোল, নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ দি মার্কশ্বিটসমূহ ডাউনলড কৰিব পাৰিব। তদুপৰি এন্ড্রইড মোবাইলত উপলব্ধ এপ ডাউনলড কৰি ফলাফল লাভ কৰিব পাৰিব। বিদ্যালয়ৰ শিক্ষা পৰিষদৰ দুই নম্বৰ সংমণ্ডলে প্রকাশ কৰা জাননী অনুসৰি উত্তীর্ণ শিক্ষার্থীসকলৰ ছপা মার্কশ্বিট আৰু প্ৰমাণপত্ৰ পৰৱৰ্তী সময়ত প্ৰদান কৰা হব। পৰীক্ষাত অনুত্তীর্ণ শিক্ষার্থীসকলক ছপা মার্কশ্বিট প্ৰদান কৰা নহয়। অৱশ্যে অনুত্তীৰ্ণ হোৱা কোনো শিক্ষার্থীয়ে ছপা মার্কশ্বিট লব বিচাৰিলে পৰিষদৰ কাৰ্যালয়ত পৃথকভাবে আবেদন কৰিব লাগিব। উল্লেখযোগ্য যে এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ৩ লাখ ২ হাজাৰ ৪২০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

অধিক পঢ়ক

সকলো চাওক