ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 2, 2024 11:44 AM

printer

ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী

ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মাজুলীত কালি নির্বাচনী সভাত অংশগ্ৰহণ কৰি ডাঃ পেগুৱে কয় যে, মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ বাবে শিক্ষা বিভাগ সাজু হৈ আছে।

Read More News : 

ইতিমধ্যে বিভাগটোৱে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। পূৰ্বৰ বছৰসমূহতকৈ এইবাৰ আগতীয়াকৈ ফলাফল ঘোষণা কৰা হ’ব বুলিও ডাঃ পেগুৱে কয়। সাধাৰণতে মে’ মাহত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় যদিও এইবাৰ এপ্ৰিলৰ ভিতৰতে ফলাফল ঘোষণা কৰা হ’ব। উল্লেখযোগ্য যে, যোৱা ১৬ ফেব্ৰুৱাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।