ৰাজ্যত দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে তেজপুৰত কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে শৈক্ষিক বৰ্ষৰ সময়সূচী নিৰ্ধাৰণৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে বিভাগৰ তৰফৰ পৰা এখন সমিতি গঠন কৰা হৈছে। অহা ১ আগষ্টৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হ’ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে শৈক্ষিক বৰ্ষৰ সময়সূচীক লৈ ৰাজ্যৰ শিক্ষা বিভাগে কোনো সিদ্ধান্ত লোৱা নাই আৰু এই সন্দৰ্ভত এখন সমিতি গঠন কৰা হৈছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয়, যে দৰং জিলাৰ ছিপাঝাৰত এখন নতুন প’লিটেকনিক ইনষ্টিটিউট স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা কৰিছে। শোণিতপুৰৰ শিয়ালমাৰীত নিৰ্মাণ কৰা আদৰ্শ আৱাসিক বিদ্যালয়খনত নৱোদয় বিদ্যালয় স্থাপন কৰা হ’ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে।
Site Admin | July 7, 2025 12:20 PM | hslc assam two times ranoj pegu
ৰাজ্যত দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চাঃ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু