অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ ৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ১ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰলৈ অনলাইন পোর্টেল পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে এখন অধিসূচনা জাৰি কৰি যিসমূহ পঞ্জীয়নকৃত বিদ্যালয়ে এতিয়াও প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই সেই বিদ্যালয়সমূহক নির্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। ১ ৰ পৰা ৬ নবেম্বৰলৈ অনলাইন পোর্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰা পৰীক্ষাৰ্থীসকলক দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ বুলি গণ্য কৰা হব বুলি নির্দেশটোত উল্লেখ কৰা হৈছে।
Site Admin | October 30, 2025 12:35 PM | HSLC
অহা ১ পৰা ৬ নৱেম্বৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ ৰ প্ৰ-পত্ৰ পূৰণৰ অনলাইন পোর্টেল পুনৰ মুকলি
 
		