লোকনৃত্য, থলুৱা খাদ্য সম্ভাৰ আৰু সুৰীয়া সংগীতেৰে উখল মাখল হৈ পৰা নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হর্ণবিল মহোৎসৱস্থলীত আজি চতুর্থ দিনাও বহু লোকৰ সমাগম পৰিলক্ষিত হৈছে। নগা যুৱক-যুৱতীৰ আকর্ষণীয় লোকনৃত্য পৰিৱেশন আৰু দেশ-বিদেশৰ শিল্পীসকলৰ গীতে উপস্থিত জনসাধাৰণক আপ্লুত কৰিছে। জনজাতীয় নৃত্য-গীতে উৎসৱমুখৰ কৰি তোলা এই স্থান বিভিন্ন হস্তকলা আৰু থলুৱা ক্রীড়া প্রতিভা প্ৰদৰ্শনৰো থলী হিচাপে বিবেচিত হৈছে। প্রতি সন্ধিয়া এই মহোৎসৱত সংগীতানুষ্ঠানে দর্শকসকলক আকর্ষিত কৰিছে।
উল্লেখযোগ্য যে ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই মহোৎসৱৰ ১০ ডিচেম্বৰত সামৰণি পৰিব। এই বছৰ ব্রিটেইন আয়াৰলেণ্ড, ফ্রান্স, অস্ট্রিয়া, মাল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্রদেশে সহযোগী ৰাজ্য হিচাপে যোগদান কৰিছে।