ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জনজাতি সম্প্ৰদায়ৰ দ্রুত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ’ৰাম

জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ দ্রুত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল অ’ৰামে আজি গুৱাহাটীত মন্তব্য কৰে। জনজাতি বসতি প্রধান অঞ্চলত ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত পূৰ্বোত্তৰ আদি মহোৎসৱত প্ৰকাশ কৰে। পূৰ্বোত্তৰ আদি মহোৎসৱ উদ্বোধন কৰি তেওঁ লগতে কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহে জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত৷ আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, অহা ১৫ নৱেম্বৰত বিহাৰৰ জামুইত জনজাতি গৌৰৱ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব। কেন্দ্রীয় কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী অ’ৰামে আজি উদ্বোধন কৰা এই মহোৎসৱত উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ১০৪ খন বিপণীয়ে অংশগ্ৰহণ কৰে। জনজাতীয় শিল্প-সংস্কৃতি, খাদ্য আৰু পণ্য প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে জনজাতীয় পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ট্রাইফইডে এই মহোৎসৱৰ আয়োজন কৰিছ। এই মহোৎসৱত ৰাজ্য চৰকাৰৰ শিক্ষা তথা জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।