স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। এই বছৰ আৰক্ষী, অগ্নি নির্বাপন, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ মুঠ এহেজাৰ ৯০ গৰাকী কৰ্মীলৈ এই পদক আগবঢ়োৱা হৈছে। এই পদক লাভ কৰাসকলৰ ভিতৰত অসমৰ ১৭ গৰাকী আৰক্ষী কৰ্মী আছে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিলৰঞ্জন দাসে সাহসিকতাৰ আৰক্ষী পদক লাভ কৰিছে। একেদৰে আৰক্ষী মহাপৰিদৰ্শক সংযুক্তা পৰাশৰ, আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং, কামাণ্ডেণ্ট জয়শ্ৰী খেচা, আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন, আৰক্ষী অধীক্ষক নুমল মাহাট্টা, কামাণ্ডেণ্ট দেৱাশীষ বৰা, কামাণ্ডেণ্ট টাবুৰাম পেগু, উপ-আৰক্ষী অধীক্ষক নির্মল চন্দ্ৰ বিশ্বাস, আৰক্ষী পৰিদৰ্শক ললিত শইকীয়া, উপ-পৰিদৰ্শক অখিল কুমাৰ দাস, পৰিদৰ্শক ধ্ৰুৱ ছৰ্কি, সহকাৰী কামাণ্ডেন্ট নবীন চন্দ্ৰ শৰ্মা আৰু উপ-পৰিদৰ্শক ৰবীন্দ্ৰ সিন্হাই বিশিষ্ট সেৱাৰ বাবে আৰক্ষী পদক লাভ কৰিছে।
Site Admin | August 14, 2025 6:38 PM | Home Ministry
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা
