উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে এতিয়া আৰু কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাই আৰু তেওঁলোকে অঞ্চলটোতেই কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে প্রকাশ কৰিছে। Students’ Experience in Inter-State Living নামৰ কাৰ্যসূচীৰ অধীনত কালি নতুন দিল্লীত আয়োজিত যুৱ সংসদত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষার্থীসকলক উদ্দেশি ভাষণ দি শ্ৰী শ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৭ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী চহৰসমূহক ৰে’ল, বিমান আৰু পথ যোগাযোগ ব্যৱস্থাৰে সংযুক্ত কৰা হ’ব। তেওঁ কয়, যে ব্ৰহ্মপুত্ৰৰ ওপৰত দেশৰ ভিতৰত সৰ্বাধিক ৰে’ল তথা পথ দলং নিৰ্মাণ কৰি থকা হৈছে। অসম আৰু ভূটানৰ মাজত ৰে’লপথ নিৰ্মাণৰ কামো আৰম্ভ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | March 12, 2025 12:03 PM | Home Minister Amit Shah says NE students will get jobs in their regions
উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাইঃ গৃহমন্ত্ৰী অমিত শ্বাহ
