এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ গৃহমন্ত্রী অমিত শ্বাহ

♦ জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ যাব। মন্ত্ৰীগৰাকীয়ে আজি পুৱা বেংগালুৰুত দলীয় কর্মীসকলক সাক্ষাৎ কৰিব। বিয়লি শ্রীশ্বাহে বাংগালোৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ চান্নাপাটনাত হ’বলগীয়া এটা বোড শ্বত অংশ ল’ব।

Read More News : 

কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনৰ ৫টা লোকসভা সমষ্টিৰ দলীয় প্রার্থীসকলক সম্বোধন কৰিব। এই পাঁচোটা সমষ্টিৰ মূল কমিটীৰ সদস্যসকলৰ বৈঠকো আজি অনুষ্ঠিত হ’ব। ইপিনে, তেলেংগানা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰাব বাবে নতুন দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত দলৰ অধ্যক্ষ মল্লিকার্জুন খার্গে, জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱান্থ ৰেড্ডীকে ধৰি অন্যান্য দলীয় নেতাই অংশ লয়।