ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত অসমৰ বানবিষয়ক মানচিত্ৰ মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি অসমৰ বানবিষয়ক এখন মানচিত্ৰ মুকলি কৰে। উপগ্ৰহৰ তথ্যৰ সহায়ত ৰাজ্যৰ বান ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ কেন্দ্রই ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধ মৰ্মে ১৯৯৮ৰ পৰা ২০২৩ চনলৈকে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰি যুগুত কৰা মানচিত্ৰখন শ্ৰীশ্বাহে কালি নতুন দিল্লীত মুকলি কৰে। মানচিত্ৰখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে বান নিয়ন্ত্রণ, জৰুৰীকালীন পৰিকল্পনা, শস্য বীমা আৰু বানৰ সময়ছোৱাত আশ্রয় শিবিৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ই সহায়ক হ’ব। দেশৰ ভিতৰতে অসম বান ক্ষতিগ্রস্ত ৰাজ্যৰ অন্যতম বুলি উল্লেখ কৰি এইক্ষেত্ৰত নিয়মীয়া পৰ্যৱেক্ষণ আৰু সময় উপযোগী ব্যৱস্থা গ্রহণ অতিকৈ প্ৰয়োজনীয় বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে জৰুৰীকালীন সেৱাৰ বাবে এটা সংহত নিয়ন্ত্রণ কক্ষ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ এটা মোবাইল এপ্লিকেচনো মুকলি কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে। এই মানচিত্ৰৰ সহায়ত বান ক্ষতিগ্রস্ত অঞ্চলৰ উন্নয়ন সাধন, স্থিতিস্থাপক কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু ফচল বীমা আঁচনিৰ দ্বাৰা কৃষকক সুফল দিয়াত সহায় হ’ব বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক