ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ প্ৰান্ত প্রান্তে আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ আৰম্ভ

ৰাজ্যৰ প্ৰান্ত প্রান্তে আজিৰে পৰা পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ সানি ফাকুৱা উদযাপন কৰিবলৈও সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে।

বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ পৰা হোলী গীতৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন স্থানীয় শিল্পীৰ গীত পৰিৱেশেনেৰে সত্ৰ নগৰীখন প্ৰাণ চঞ্চল হৈ উঠিছে। আজি বৰপেটাৰ ৰাজপথত হোলী গীতৰ মুকলি প্ৰতিযোগিতা অনুষ্ঠিত হয়। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীদৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি-নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। আজি নিশা মেষদাহ পৰ্বৰে এই উৎসৱৰ আৰম্ভণি হ’ব। ১৭ মাৰ্চত উৎসৱৰ সামৰণি পৰিব। কোচবিহাৰৰ ইতিহাস প্রসিদ্ধ মধুপুৰ সত্ৰত আজিৰে পৰা তিনিদিনীয়াকৈ দৌল উৎসৱ পালন কৰা হৈছে। আজি গন্ধযাত্ৰাৰ লগতে সত্ৰৰ চৌহদত সাজি উলিওৱা ভেলাঘৰত অগ্নিসংযোগ কৰি ৰাইজৰ মংগল কামনা কৰা হ’ব। কাইলৈ গোসাঁইৰ সন্মুখত নাম প্ৰসংগ আৰু পৰিহলৈ গোসাঁইক লৈ শোভাযাত্ৰা কৰা হ’ব। গোৱালপাৰা জিলাতো দৌল উৎসৱ উপলক্ষে জনসাধাৰণৰ মাজত আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰংজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হৈছে। গোৱালপাৰাৰ শ্ৰীশ্ৰী শ্যামৰায় সত্ৰ আৰু পশ্চিম গোৱালপাৰাৰ কেৱলীয়া হাটী সত্ৰত আজি অধিবাস আৰু সান্ধ্য কীৰ্তনেৰে ৫ দিনীয়া দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰিতো ফাকুৱাৰ বাবে প্ৰস্তুতি চলিছে। বজাৰসমূহ বিভিন্ন ৰং আৰু ফিচকাৰীৰে ভৰি পৰিছে। বাক্সা জিলাৰ জেংৰেংপাৰাত আজিৰে পৰা ৫ দিনীয়াকৈ দৌল উৎসৱ উদযাপন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক