ফাকুৱাৰ সময়ছোৱাত ৰাজ্যখনত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ভালেসংখ্যক লোক গুৰুতৰভাৱে আহত হয়। যোৱা ১৪ মাৰ্চত ৰাজ্যখনৰ বিভিন্ন জিলাত মুঠ ১৩৭টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে। মৃত্যুঞ্জয় ১০৮ সেৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি ইয়াৰে ১১৬টা দুৰ্ঘটনা দুচকীয়া বাহনৰ, ১১টা তিনিচকীয়া আৰু ১০টা চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত হৈছে। পথ দুর্ঘটনাসমূত আহত অধিকাংশই নৱপ্ৰজন্মৰ বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। এই সময়ছোৱাত শোণিতপুৰত সৰ্বাধিক ১৪টা পথ দুর্ঘটনা সংঘটিত হয়। কামৰূপ মহানগৰ জিলাত এই সময়ছোৱাত ১৩টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ইয়াৰে ১০টা দুচকীয়া বাহনৰ ক্ষেত্ৰত হৈছে। সুৰাপান কৰি বাহন চলোৱাৰ ফলত এই দুর্ঘটনাসমূহ সংঘটিত হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। আবকাৰী বিভাগৰ তথ্য অনুসৰি ফাকুৱাৰ দুদিনত গুৱাহাটী মহানগৰীত ৯ কোটি টকাৰ সুৰা বিক্ৰী হৈছে।
Site Admin | March 17, 2025 12:51 PM | holi assam accident 137 nos
ফাকুৱাৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত ১৩৭টা পথ দুৰ্ঘটনা