সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰত পৰহিলৈৰ পৰা চাৰিদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ গোন্ধ যাত্ৰা, ১৪ আৰু ১৫ মাৰ্চত ভৰ দৌল আৰু ১৬ মাৰ্চত সত্ৰ চৌহদত সুঁৱেৰি বা ফাকুৱা উদযাপন কৰা হ‘ব। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত পৰহিলৈৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পূব শৰণীয়াৰ শ্ৰীমন্ত নামঘৰৰ কলাকৃষ্টি কেন্দ্ৰত তিনি দিনীয়া কাৰ্যসূচীৰে পৰহিলৈৰ পৰা দৌল উৎসৱ উদযাপন কৰা হ‘ব। দৌল উৎসৱ উপলক্ষে গুৱাহাটী মহানগৰীত ১৫ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। সেইদিনা মহানগৰীৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব।
Site Admin | March 11, 2025 1:14 PM | Holi
সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন
