হোজাই জিলাৰ লংকা তিনিআলিত কালি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন সৰবৰাহকাৰীক আটক কৰে। জিলাখনৰ উদালি আৰক্ষীয়ে লামডিং-লংকা সংযোগী পথত নিয়মীয়া তালাচীৰ সময়ত ১৭ টা চাবোনৰ বাকচত ভৰাই মাদক দ্রব্যসমূহ জব্দ কৰে। আটক কৰা সৰবৰাহকাৰীজনে শিলচৰৰ পৰা গুৱাহাটীলৈ মাদক দ্রব্যসমূহ কঢ়িয়াই আনিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
Site Admin | July 17, 2025 1:44 PM | hojai drugs seized
হোজাইৰ লংকা তিনিআলিত বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন সৰবৰাহকাৰীক আটক
