December 5, 2025 7:16 PM | Hojai

printer

ঘন কুঁৱলীৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত হোজাই জিলা প্রশাসনৰ নীতি-নির্দেশনা জাৰি

শীতকালত ঘন কুঁৱলীৰ বাবে হ’ব পৰা পথ দুর্ঘটনা হ্রাস কৰাৰ বাবে হোজাই জিলা প্রশাসনে যান-বাহন চলাচলৰ ক্ষেত্ৰত নীতি-নির্দেশনা জাৰি কৰিছে। জিলা আযুক্ত বিদ্যুৎ বিকাশ ভাগবতীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে এই নির্দেশনা অনুসৰি জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত বিয়লি ৫ বজাৰ পৰা পুৱা ৮ বজালৈ ডাম্পাৰ চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সময়ছোৱাত এই পথসমূহত ই-ৰিক্সাৰ চলাচলো বন্ধ কৰা হৈছে। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথত সকলো গধুৰ যান-বাহনৰ বেগ প্রতি ঘণ্টাত ৪০ কিলোমিটাৰ আৰু লঘু বাহনৰ বেগ প্রতি ঘণ্টাত ৬০ কিলোমিটাৰলৈ সীমাৱদ্ধ কৰা হৈছে। সুৰাপান কৰি আৰু দ্রুতগতিত গাড়ী চলোৱাকে ধৰি কেইবাটাও বিষয়ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি তেওঁ কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।