ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 10, 2024 12:52 PM | Hockey

printer

পুৰুষৰ এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত জাপানৰ বিৰুদ্ধে ভাৰতৰ ৫-১ গ’লত বিজয় সাব্যস্ত

ভাৰতে কালি চীনৰ হুলুনবুৰত অনুষ্ঠিত পুৰুষৰ এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত জাপানৰ বিৰুদ্ধে ৫-১ গলত বিজয় সাব্যস্ত কৰে। ভাৰতৰ হৈ সুখজীত সিঙে খেলৰ দ্বিতীয় আৰু ৬০ মিনিটত গল দিয়াৰ বিপৰীতে অভিষেকে তৃতীয়, সঞ্জয়ে ১৭ আৰু উত্তম সিঙে ৫৪ মিনিটত গল দিয়ে। খেলৰ ৪১ মিনিটত মাছুমোটো কাজুমাছাৰ জৰিয়তে জাপানে একমাত্ৰ গলটো পৰিশোধ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ চাৰিবাৰৰ চেম্পিয়ন ভাৰতে ইয়াৰ পূৰ্বে প্ৰথমখন খেলত আয়োজক দেশ চীনক ৩-০ গলত পৰাস্ত কৰিছিল। হৰমনপ্রীত সিঙ নেতৃত্বাধীন ভাৰতীয় দলটো কাইলৈ যোৱাবাৰৰ ৰানাৰ্ছ আপ মালয়েছিয়াৰ মুখামুখি হব। ৰাউণ্ড ৰবিন পদ্ধতিৰে খেলোৱা প্ৰতিযোগিতাখনৰ শীৰ্ষ চাৰিটা দলে ১৬ ছেপ্টেম্বৰত হবলগীয়া ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব। ১৭ ছেপ্টেম্বৰত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হব।