পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় পুৰুষ হকী দল ঘোষণা হকী ইণ্ডিয়াৰ, অধিনায়কৰ দায়িত্ব হৰমনপ্রীত সিঙক

হকী ইণ্ডিয়াই ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ হ’বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকৰ হকীত ভাগ লোৱাৰ বাবে কালি ভাৰতীয় পুৰুষ দলৰ ১৬ গৰাকী সদস্যৰ নাম ঘোষণা কৰে। প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাগ ল’বলগীয়া ৫ গৰাকী খেলুৱৈ থকা দলটোৰ অধিনায়কৰ দায়িত্ব হৰমনপ্রীত সিঙক দিয়া হৈছে। তাৰকা মিডফিল্ডাৰ হার্দিক সিঙক দলৰ সহ-অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে। হকী ইণ্ডিয়াৰ ঘোষণা অনুসৰি দলৰ বাকী সদস্যসকল হ’ল- পি আৰ শ্ৰীজেশ, জর্মানপ্রীত সিং, অমিত ৰোহিদাস, সুমিত, সঞ্জয়, ৰাজ কুমাৰ পাল, ছমশ্বেৰ সিং, মনপ্রীত সিং, বিবেক সাগৰ প্রসাদ, অভিষেক, সুখজীত সিং, ললিত কুমাৰ উপাধ্যায়, মনদ্বীপ সিং আৰু গুৰজন্ত সিং। ইয়াৰ উপৰি গ’লৰক্ষক কৃষণ বাহাদুৰ পাঠক, মিডফিল্ডাৰ নীলকান্ত শৰ্মা আৰু ডিফেণ্ডাৰ যুগৰাজ সিঙক দলত বিকল্প খেলুৱৈ হিচাপে স্থান দিয়া হৈছে। পেৰিছ অলিম্পিকত ভাৰতক যোৱাবাৰৰ বিজয়ী বেলজিয়াম, অষ্ট্ৰেলিয়া, আর্জেণ্টিনা, নিউজিলেণ্ড, আৰু আয়াৰলেণ্ডৰ সৈতে পুল বিত স্থান দিয়া হৈছে। কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হ’বৰ বাবে ভাৰতে পুল পর্যায়ত শীৰ্ষ চাৰিটা দলৰ ভিতৰত স্থান নিশ্চিত কৰিব লাগিব। ইপিনে পুল এত নেদাৰলেণ্ডছ, জার্মানী, ব্ৰিটেইন, স্পেইন, দক্ষিণ আফ্ৰিকা আৰু আয়োজক দেশ ফ্ৰান্সক স্থান দিয়া হৈছে। প্ৰতিযোগিতাত মুঠ ১২টা দলে অংশগ্রহণ কৰিছে। ভাৰতে অহা মাহৰ ২৭ তাৰিখে নিউজিলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। ভাৰত ২৯ জুলাইত আর্জেণ্টিনা, ৩০ জুলাইত আয়াৰলেণ্ড, পহিলা আগষ্টত বেলজিয়াম আৰু ২ আগষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ সোণালী ইতিহাস আছে। ভাৰতে পুৰুষৰ হকীত এই পর্যন্ত ৮টা সোণ, ১টা ৰূপ আৰু ৩টা ব্ৰঞ্জ সহ মুঠ ১২টা অলিম্পিক পদক লাভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।