ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 4, 2024 12:40 PM | Hocky India

printer

চেন্নাইত আজিৰে পৰা চতুৰ্দশ পুৰুষৰ হকী ইণ্ডিয়া ছিনিয়ৰ চেম্পিয়নশ্বিপ

চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত আজি চতুৰ্দশ পুৰুষৰ হকী ইণ্ডিয়া ছিনিয়ৰ চেম্পিয়নশ্বিপ আৰম্ভ হ’ব। ১৬ নৱেম্বৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত ৩১টা দলে ভাগ ল’ব। এই দলসমূহক ৮টা পুলত ভাগ কৰা হ’ব। লীগ পৰ্যায়ত দলসমূহে নিজৰ পুলৰ প্ৰতিযোগীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। প্ৰতিটো পুলত শীৰ্ষস্থান লাভ কৰা দলকেইটাই ১৩ নৱেম্বৰত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেল খেলত অৱতীৰ্ণ হোৱাৰ যোগ্যতা লাভ কৰিব। ১৫ নৱেম্বৰত ছেমি ফাইনেলৰ খেল অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ আৰম্ভণিৰ এখন খেল উত্তৰ প্ৰদেশ হকী আৰু কেৰালা হকী দলৰ মাজত অনুষ্ঠিত হোৱাৰ বিপৰীতে আনখন খেল হকী কৰ্ণাটকা আৰু হকী উত্তৰাখণ্ডৰ মাজত অনুষ্ঠিত হ’ব। হকী ইণ্ডিয়াৰ সভাপতি দিলীপ তির্কীয়ে কৈছে যে এই প্ৰতিযোগিতাই দেশৰ খেলুৱৈসকলক নিজৰ প্ৰতিভা দেখুওৱাৰ এটা সুন্দৰ সুযোগ প্ৰদান কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।