ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 10, 2025 8:20 PM | Hockey

printer

৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ভাৰতীয় মহিলা হকী দল

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে’ মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

এফ আই এইচ বিশ্ব ৰেংকিঙত ভাৰত নৱম স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া দলটো তালিকাৰ পঞ্চম স্থানত আছে।