December 12, 2025 12:06 PM | Hockey

printer

এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক প্রধানমন্ত্রীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপ ২০২৫ত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰৰ যুৱ তাৰকা আৰু উৎসাহী দলটোৱে সন্মানীয় এই প্রতিযোগিতাত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অর্জন কৰি দেশলৈ সন্মান কঢ়িয়াই আনিছে। দলটোৰ এই সাফল্যই সমগ্ৰ দেশৰ যুৱ খেলুৱৈসকলক অধিক উৎসাহিত কৰিব বুলি শ্রীমোদীয়ে লগতে প্ৰকাশ কৰিছে।