ডাউনলোড
মোবাইল এপ

android apple
signal

June 30, 2025 12:09 PM | Hockey

printer

এফ আই এইচ প্র’লীগ হকী প্রতিযোগিতাত ভাৰতীয় মহিলা হকী দলটো চীনৰ বিৰুদ্ধে ২-৩ গ’লৰ ব্যৱধানৰ পৰাস্ত

বার্লিনত অনুষ্ঠিত এফ আই এইচ প্র’লীগ হকী প্রতিযোগিতাত কালি নিশাৰ এখন খেলত ভাৰতীয় মহিলা হকী দলটোৱে চীনৰ বিৰুদ্ধে ২-৩ গ’লৰ ব্যৱধানৰ পৰাস্ত হয়। খেলখনৰ নৱম মিনিটত ভাৰতৰ সুনেলীটা টপ্পাই প্ৰথমটো গ’ল দিয়াৰ পাছত পুনৰ ৩৮ মিনিটত ৰুতুজা দাদাছ’ পিছালে দ্বিতীয়টো গ’ল দি দলক অগ্রগতি প্ৰদান কৰে যদিও পৰৱৰ্তী পৰ্যায়ত চীনৰ ঝেং য়িঙে দুটা আৰু জু ৱেনয়ুয়ে এটা গ’ল দি দলৰ বিজয় নিশ্চিত কৰে। ক্রমাগত ৮ খন খেলত পৰাজিত হোৱাৰ পাছত ভাৰতে ১৬ খন খেলৰ পৰা ১০ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শেষত স্থান লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক