মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতাৰ ফাইনেলত আজি ওড়িশা পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন তামিলনাডুৰ চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত দুপৰীয়া ২ বজাত আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে প্ৰথমখন ছেমি ফাইনেলত ওড়িশাই তামিলনাড়ুক ৪-১ গলত পৰাস্ত কৰিছিল। ইপিনে পঞ্জাৱে দ্বিতীয়খন ছেমি ফাইনেলত হাৰিয়ানাৰ বিৰুদ্ধে ৩-২ গলত বিজয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।
ইপিনে, একেখন প্রতিযোগিতাৰ পুৰুষৰ শিতানৰ ফাইনেলত আজি বিয়লি ৪ বজাত তামিলনাড়ু মহাৰাষ্ট্ৰৰ মুখামুখি হ’ব। এইখন খেলো মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত খেলোৱা হ’ব। পুৰুষৰ প্ৰথমখন ছেমি ফাইনেলত তামিলনাডুৱে চণ্ডীগড়ক ৩-০ আৰু দ্বিতীয়খন ছেমি ফাইনেলত মহাৰাষ্ট্ৰই ওড়িশাক ৪-১ গলত পৰাস্ত কৰিছিল।