বিকশিত ভাৰত, যুব নেতা আলোচনা ৰাষ্ট্ৰজোৰা এক আন্দোলনলৈ ৰূপান্তৰিত হৈছে, যাৰ জৰিয়তে যুৱ প্ৰজন্মক প্রশাসন আৰু নীতি নির্ধাৰণৰ ক্ষেত্ৰত সংযুক্ত কৰা হৈছে। কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ ৰাজ্য মন্ত্রী হর্ষ মালহোটাই নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনা, ২০২৬ত অংশগ্রহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্রীমালহোট্ৰাই কয় যে এই আলোচনাই যুব নেতাসকলক এখন মঞ্চ দিছে, য’ৰ পৰা তেওঁলোকে নিজৰ আদৰ্শ আৰু মত প্ৰকাশ কৰাৰ লগতে ৰাষ্টই সম্মুখীন হোৱা কঠিন প্রত্যাহ্বানসমূহৰ সৈতে নিজক জড়িত কৰাৰ আৰু সমাধান আগবঢ়োৱাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পাৰে। তেওঁ কয় যে এই আলোচনা কোনো তাৰকাৰ মঞ্চ নহয়, বৰং এখন গঠনমূলক মঞ্চহে। ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই ৰাষ্ট্ৰীয় ৰাজনীতি আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ ক্ষেত্ৰত অর্থপূর্ণ অংশগ্রহণ নিশ্চিত কৰিব পাৰে। শ্রীমালহোট্ৰাই কয় যে যুৱ প্ৰজন্মৰ যিসকলে পিছপৰা সম্প্রদায়সমূহক আগুৱাই অনাৰ বাবে সক্রিয়ভাবে কাম কৰি আহিছে আৰু ইয়াৰ বাবে দায়ী সামাজিক কাৰকসমূহৰ মাত মাতিছে, লগতে উন্নয়নমূলক দিশটোৰ প্ৰতি সমর্থন আগবঢ়াই অহাৰ লগতে গঠনমূলক পৰিৱৰ্তনত আগভাগ লৈছে তেওঁলোকক প্রশংসা কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে যুৱ প্ৰজন্মক সবল কৰি তোলাৰ বাবে গুণগত শিক্ষা, দক্ষতা আৰু কৰ্মসংস্থাপন দিয়াটো চৰকাৰৰ ৰাষ্ট্ৰীয় অগ্রাধিকাৰপ্ৰাপ্ত বিষয় হৈ পৰিছে। তেওঁ লগতে এই সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা ৰোজগাৰ মেলা, পি এম বিশ্বকর্মা, আই টি আই উন্নীতকৰণ, বিভিন্ন আঁচনিৰ জৰিয়তে কর্মসংস্থাপন সৃষ্টি তথা প্রত্যাশা আৰু সুযোগৰ মাজত সাঁকো সৃষ্টি কৰাৰ বাবে কাম কৰা বুলিও প্রকাশ কৰে। শ্রীমালহোট্টাই যুব নেতাসকলক উদ্ভাৱন, উদ্যমিতা, দক্ষতা বিকাশ, সামাজিক আৰু পৰিবেশৰ প্ৰতি দায়িত্বশীল হ’বলৈ আহ্বান জনায়।