কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত The Emergency Diaries-Years that forged a leader” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত ইয়াৰ বিৰুদ্ধে এগৰাকী যুৱ ৰাষ্ট্ৰীয় স্বয়ংসেৱক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক এই গ্ৰন্থখনত স্থান দিয়া হৈছে। গণতন্ত্ৰৰ প্ৰমূল্যসমূহ ৰক্ষা আৰু ইয়াৰ প্ৰচাৰৰ বাবে শ্রীমোদীয়ে কেনেদৰে তেওঁৰ জীৱন অতিবাহিত কৰিছে তাৰ সবিশেষ বর্ণনা কৰা হৈছে। শ্ৰীমোদীৰ সৈতে বিভিন্ন সময়ত সেৱা আগবঢ়োৱা ব্যক্তিসকলৰ কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এগৰাকী যুৱ প্ৰজন্মৰ ব্যক্তিক গঢ় দিয়াৰ বাবে এই গ্ৰন্থখন বিশেষ সহায়ক হ’ব । সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয় যে এই গ্ৰন্থখনে জৰুৰীকালীন বৰ্ষসমূহত কিদৰে তেওঁ জীৱন অতিবাহিত কৰিছিল সেই বিষয়ে আভাস পাব। প্রধানমন্ত্রীয়ে কয় যে যি সময়ত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল সেই সময়ত তেঁও ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ এগৰাকী যুৱ প্ৰচাৰক আছিল। শ্ৰীমোদীয়ে কয়, যে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে চলোৱা সংগ্ৰাম তেওঁৰ জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত এটা বিশেষ অভিজ্ঞতা আছিল । তেওঁ কয়, যে দেশৰ গণতান্ত্ৰিক পৰিকাথামো সংৰক্ষণৰ বাবে সেই সময়ছোৱাত তেওঁ অধিক দৃঢ় কৰি তুলিছিল আৰু ৰাজনৈতিক পৰিসৰৰ বাহিৰতো তেওঁ জনসাধাৰণৰ পৰা অধিক শিক্ষা লাভ কৰিছিল। শ্রীমোদীয়ে সেই অন্ধকাৰ সময়ছোৱাত যিসকল ভুক্তভোগী লোক তথা তেওঁলোকৰ পৰিয়ালবৰ্গক সামাজিক মাধ্যমযোগে তেওঁলোকৰ সেই সময়ৰ অভিজ্ঞতা অৱগত কৰিবলৈ আহ্বান জনায়। শ্রীমোদীয়ে লগতে কয়, যে এই দিন পালনেৰে দেশৰ যুৱ প্ৰজন্মৰ মাজত ১৯৭৫ৰ পৰা ১৯৭৭ চনলৈ দেশৰ জৰুৰীকালীন অৱস্থাৰ লজ্জাজনক পৰিস্থিতি সন্দৰ্ভত সজাগতা চলোৱাৰ প্ৰয়াস কৰা হৈছে।
নতুন দিল্লীত The Emergency Diaries-Years that forged a leader” শীৰ্ষক গ্ৰন্থ উন্মোচন গৃহমন্ত্ৰী অমিত শ্বাহৰ