♦ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব। শ্ৰী শ্বাহে আজি বিয়লি উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ নাৰঘঘিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। ইফালে, মিত্ৰজোঁটৰ তৰফৰ পৰা আৰ জে ডিৰ উজিয়াৰপুৰ আসনখনৰ বাবে প্রাক্তন মন্ত্ৰী আলোক কুমাৰ মেহতাক প্রার্থিত্ব প্ৰদান কৰা হৈছে। আৰ জে ডিৰ নেতা তথা প্রাক্তন উপ-মুখ্যমন্ত্রী তেজস্বী য়াদৱেও আজি চাৰণ আৰু চিৱান সংসদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব।
গৃহ মন্ত্ৰী অমিত শ্বাহে বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব