ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

হিন্দুস্তান এৰ’ন’টিক্স লিমিটেডৰ গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ-228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্‌ট প্ৰদান

♦ হিন্দুস্তান এৰ’ন’টিক্স লিমিটেডে গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ 228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্‌ট প্ৰদান কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী কয় যে, বয়িং C-17 শ্ৰেণীৰ দুখন গ্লোব মাষ্টাৰ সামৰিক পৰিবহণ বিমানৰ জৰিয়তে ডৰ্নীয়াৰ এয়াৰক্রাফ্‌ট দুখন কালি বিয়লি চেড্ডী জাগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। ইপিনে বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কৈছে যে, এই কাৰ্যই ভাৰত-গায়ানা দ্বিপাক্ষিক সম্পৰ্কত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে।

Read More News : 

এই এয়াক্রাফ্‌ট দুখনে দুর্গম অঞ্চলত যোগাযোগ, চিকিৎসা সম্পৰ্কীয় উদ্ধাৰ আৰু দুৰ্যোগ সহাৰিৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব বুলি জয়ছোৱালে উল্লেখ কৰে। গায়ানাত থকা ভাৰতীয় উচ্চায়ুক্ত অমিত টেলাঙে এয়াক্রাফ্‌ট দুখন দেশখনক প্ৰদান কৰিবলৈ উপস্থিত হোৱাৰ ভাৰতীয় বায়ুসেনা দলটোক আদৰণি জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।