October 28, 2025 8:49 PM | hindusthan

printer

এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

হিন্দুস্তান এৰ’নাটিকছ লিমিটেডে এছ জে-১০০ অসামৰিক যাত্রীবাহী বিমান ভাৰতত নিৰ্মাণ কৰাৰ বাবে ৰাছিয়াৰ পাবলিক জইন্ট ষ্ট’ক কোম্পানী ইউনাইটেড এয়াৰ ক্রাফট কৰ্পৰেছনৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এক বাৰ্তাযোগে দেশৰ অসামৰিক বিমান পৰিবহন খণ্ডত এক উল্লেখযোগ্য পদক্ষেপ বুলি প্রশংসা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে উড়ান আঁচনিৰ অধীনত এছ জে-১০০ যাত্রীবাহী বিমানে চমু দূৰত্ব সংযোগৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰিব বুলি উল্লেখ কৰে। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহন খণ্ডৰ ই এক বৃহৎ অগ্রগতি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে দেশত নির্মাণ হ’বলগীয়া এছ জে-১০০ ৰ প্ৰথমখন বিমান সম্পূর্ণ যাত্রীবাহী বিমান হ’ব বুলিও জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আৰু লগতে এই বিমান নির্মাণে ব্যক্তিগত খণ্ডক শক্তিশালী কৰি তুলিব আৰু বিমান উদ্যোগত প্রত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিব বুলিও জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।