চিৰাং জিলাৰ বিজনীৰ নৱনিৰ্মিত শ্রীশ্রী লক্ষ্মী মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিৰাং জিলাৰ বিজনীৰ নৱ নিৰ্মিত ঐতিহ্য মণ্ডিত শ্রীশ্রী লক্ষ্মী মন্দিৰ উদ্বোধন কৰাৰ লগতে বহিঃৰাজ্যৰ পৰা অনা লক্ষ্মী দেৱীৰ প্ৰতিমা প্রতিষ্ঠা কৰে। বিজনীৰ লক্ষ্মী পূজা সমিতিৰ উদ্যোগত তিনি কোটি টকাৰো অধিক পৰিমাণৰ ধন ব্যয়ৰে পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত এই মন্দিৰটো নিৰ্মাণ কৰি উলিওৱা হৈছে। আজি গধূলি নৱ নিৰ্মিত লক্ষ্মী মন্দিৰৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্রী শর্মাই মা লক্ষ্মীয়ে সকলো লোককে আশিস প্ৰদান কৰিব বুলি আশা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে সকলোলৈ শাৰদীয় দুর্গা পূজাৰ শুভেচ্ছাও জ্ঞাপন কৰে। এই অনুষ্ঠানত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, প্রাক্তন বিধায়ক কমল সিং নাৰ্জাৰীৰ লগতে বিজনী অঞ্চলৰ ভালেমান লোকে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।