ডাউনলোড
মোবাইল এপ

android apple
signal

জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৰ্ৱৰ্তী স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰিছে। অৱশ্যে জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য আৰু অধিবক্তা পল্লৱী তালুকদাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ চলি থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা আদালত অৱমাননাৰ ফৌজদাৰী গোচৰত প্ৰত্যাহ্বান জনাই জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কালি ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে এই আদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে মহাধিবক্তা দেৱজিৎ শ‍ইকীয়ালৈ চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ বাবে জাননী জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাই দাখিল কৰা আন এখন আবেদন উচ্চতম ন্যায়ালয়ে কালি খাৰিজ কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে যোৱা ২৪ মাৰ্চত উকীল সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ন্যায়াধীশ সুমন শ্যাম সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত মহাধিবক্তা শ‍ইকীয়াই দুটা আদালত অৱমাননাৰ ফৌজদাৰী গোচৰ তৰিছিল। দুয়োটা গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১২ এপ্ৰিলত কমল নয়ন চৌধুৰীসহ পদকীয়া পক্ষলৈ জাননী জাৰি কৰে।

অধিক পঢ়ক

সকলো চাওক