ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 15, 2025 12:35 PM | High Court

printer

সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱা বক্তব্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱা বক্তব্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে। অৱশ্যে এই ক্ষেত্ৰত নাগৰিকৰ বাক্ স্বাধীনতা যাতে খর্ব নহয়, সেয়া নিশ্চিত কৰিবলৈও ন্যায়ালয়ে নির্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগৰত্না আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ঘৃণাসূচক বক্তব্য দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি সাধাৰণ নাগৰিকে বাক্ স্বাধীনতাৰ মূল্য বুজি পোৱা উচিত বুলিও ন্যায়াধীশ দুজনে মন্তব্য কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।