ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 27, 2025 8:33 PM | High Court

printer

বীৰ চাৱাৰকাৰৰ নাম প্ৰতীক আৰু নামৰ অনুচিত প্ৰয়োগ সন্দৰ্ভত কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি বীৰ চাৱাৰকাৰৰ নাম প্ৰতীক আৰু নামৰ অনুচিত প্ৰয়োগ প্ৰতিৰোধ আইনৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰে। বিৰোধী নেতা ৰাহুল গান্ধীৰ মন্তব্যই চাৱাৰকাৰক অপমান কৰা বুলি উল্লেখ কৰি আবেদনকাৰীগৰাকীয়ে গান্ধীৰ মন্তব্যই স্বাধীনতা সংগ্রামীসকলক অসম্মান কৰাৰ লগতে নতুন প্ৰজন্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি দাবী কৰিছিল। গান্ধীৰ মন্তব্যই মৌলিক কৰ্তব্য উলংঘা কৰাৰ লগতে দেশৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যক আঘাত হনা বুলিও আবেদনকাৰীয়ে দাবী কৰিছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এ জি মচিহৰ নেতৃত্বৰ এখন বিচাৰপীঠে ইয়াৰ জৰিয়তে আবেদনকাৰীৰ মৌলিক অধিকাৰ খৰ্ব হোৱা নাই বুলি উল্লেখ কৰি আবেদনখন খাৰিজ কৰে।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।