ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 22, 2025 8:18 PM | High Court

printer

১৩ গৰাকী নিলম্বিত ৰাজপত্রিত বিষয়াৰ এখন আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

অসম লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কীয় অনিয়মৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ে ১৩গৰাকী নিলম্বিত ৰাজপত্রিত বিষয়াৰ এখন আবেদন খাৰিজ কৰিছে। পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ অনুসন্ধান প্ৰক্ৰিয়া আৰু গোটটোৱে দাখিল কৰা পৰিপূৰক অভিযোগনামাক প্ৰত্যাহ্বান জনাই এই বিষয়াকেইগৰাকীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ৰাজেশ বিন্দালৰ বিচাৰপীঠে অভিযুক্ত বিষয়াকেইজনৰ আবেদন খাৰিজ কৰে। ইয়াৰ লগে লগে এই বিষয়াসকল বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হোৱাটো নিশ্চিত হৈছে। উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এই ১৩গৰাকী অভিযুক্ত বিষয়াৰ নম্বৰ তালিকা পুনৰীক্ষণ নথিত অধিক নম্বৰ যোগ দিয়া বুলি তদন্তত ধৰা পৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।