January 6, 2026 12:05 PM | High Court

printer

EPFO ক অহা চাৰি মাহৰ ভিতৰত EPFS ৰ অধীনত দৰমহাৰ সীমা সংশোধন সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা EPFOক অহা চাৰি মাহৰ ভিতৰত কৰ্মচাৰী ভৱিষ্য নিধি যোজনা EPFSৰ অধীনত দৰমহাৰ সীমা সংশোধন সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে। বিগত ১১ বছৰ ধৰি কৰ্মচাৰীসকলৰ বেতন অপৰিৱৰ্তিত হৈ আছে। ন্যায়াধীশ জে কে মাহেশ্বৰী আৰু অতুল এছ ছন্দুৰকাৰক লৈ গঠিত এখন বিচাৰপীঠে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি এই নির্দেশ জাৰি কৰে।

উল্লেখযোগ্য যে, দৰমহাৰ সৰ্বোচ্চ সীমাৰ কোনো পৰিৱৰ্তন নকৰাৰ ফলত শ্ৰমিকসকলৰ এটা বৃহৎ বর্গ EPFOৰ বাহিৰত থাকি গৈছে। সামাজিক কল্যাণ আঁচনি EPFSৰ উদ্দেশ্যে হৈছে সংগঠিত খণ্ডৰ কর্মচাৰীসকলক সামাজিক সুৰক্ষা প্ৰদান কৰা। সংবিধানৰ ৩২ নম্বৰ দফাৰ অধীনত দাখিল কৰা এই ৰাজহুৱা আবেদনখনৰ জৰিয়তে প্রতি মাহে ১৫ হাজাৰ টকাৰ সৰ্বোচ্চ দৰমহা পক্ষপাতমূলক আৰু অযুক্তিকৰ বুলি কোৱা হৈছিল। দৰমহা বৃদ্ধিৰ লগত মুদ্রাস্ফীতি, নূন্যতম বেতন বা প্রতি ব্যক্তিৰ আয় বৃদ্ধিৰ সৈতে কোনো সম্বন্ধ নাই বুলিও আবেদনখনত যুক্তি দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।