December 29, 2025 8:21 PM | High Court

printer

আৰাৱলী পৰ্বতমালা সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ নতুন সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি ভূপেন্দৰ যাদৱৰ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দৰ যাদৱে আৰাৱলী পৰ্বতমালা সন্দর্ভত উচ্চতম ন্যায়ালয়ে বিষয়সমূহ অধ্যয়নৰ বাবে নতুন সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীযাদৱে কয় যে আৰাভালি পৰ্বতমালাৰ সুৰক্ষা আৰু পুনৰুদ্ধাৰৰ বাবে তেওঁৰ মন্ত্ৰালয়ৰ পৰা বিচৰা সকলো সাহায্য প্রদান কৰিবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ। মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়ালৈকে নতুন খনন লিজত দিয়াৰ লগতে বৰ্তমানৰ লীজ নবীকৰণৰ বাবেও খননৰ ওপৰত সম্পূর্ণ নিষেধাজ্ঞা বলবৎ হৈ আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।