ডাউনলোড
মোবাইল এপ

android apple
signal

March 18, 2025 12:18 PM | High Court

printer

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ জাননী জাৰি

উজনি অসমৰ চাৰিখন জিলাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত তদন্তৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত পূৰ্বৰ ইন্দিৰা আৱাস যোজনা আৰু এম জি এনৰেগা আঁচনি ৰূপায়ণৰ নামত ২০০৪ চনৰ পৰা ২০১৮ চনলৈ প্ৰায় ৫০০ কোটি টকাৰ অপব্যৱহাৰ হোৱা বুলি নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে দিয়া প্ৰতিবেদনৰ ভিত্তিত আমগুৰি নৱনিৰ্মাণ সমিতিয়ে ইয়াৰ তদন্ত বিচাৰি ৰাজহুৱা স্বার্থ জড়িত আবেদন দাখিল কৰিছিল। এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ২০২২ চনৰ ২৫ নৱেম্বৰত ৰাজ্য চৰকাৰক বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দি আবেদনখন নিষ্পত্তি কৰিছিল। চৰকাৰে দুবছৰৰো অধিক সময় জুৰি এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সমিতিখনে শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে ।

অধিক পঢ়ক

সকলো চাওক