ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ত্ৰিপুৰাত তীব্ৰ গৰমৰ বাবে ২৭ এপ্ৰিললৈ সকলো বিদ্যালয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

তীব্ৰ গৰমৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা ৰাজ্য চৰকাৰে অহা চাৰিদিনৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। শিক্ষা বিভাগৰ সচিবে প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যখনৰ সকলো চৰকাৰী, চৰকাৰী সাহায্যপ্রাপ্ত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় আজিৰপৰা ২৭ এপ্ৰিললৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনসাধাৰণক ৰ’দৰ পৰা আঁতৰি থাকিবলৈ দিছে। জিলা প্ৰশাসনসমূহক জৰুৰীকালীন সেৱা কেন্দ্ৰ সক্ৰিয় কৰি ৰাখিবলৈ আৰু সকলো অঞ্চললৈ নিৰৱচ্চিন্নভাৱে বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।