যোৰহাট-লখিমপুৰ জিলাত প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি

প্রচণ্ড গৰমৰ বাবে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। অহা ১ জুনৰ পুৱা ৮ বজাৰ পৰা প্ৰতিখন বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হ’ব। আনহাতে, প্রাথমিক পৰ্যায়ত ১২.৩০ বজালৈ, মধ্য প্রাথমিকত ১ বজালৈ, উচ্চ আৰু উচ্চ মাধ্যমিক পৰ্যায়ত ১.৩০ বজালৈ পাঠদান চলিব। লখিমপুৰ জিলা প্রশাসনেও গ্রীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰিছে। জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশনামৰ্মে কাইলৈৰ পৰা নতুন সময় কাৰ্যকৰী হ’ব। এই অনুসৰি বিদ্যালয়সমূহৰ নিম্ন প্রাথমিক শ্রেণীসমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ, মধ্য আৰু উচ্চ প্রাথমিক শ্ৰেণীসমূহত পুৱা  ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ তথা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহত পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১ বজালৈ পাঠদান কৰা হ’ব।