হাৰিয়ানাৰ পঞ্চকুলাত আজি ১০০ দিনীয়া যক্ষ্মা নির্মূলকৰণ অভিযান আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী জি পি নাড্ডাই

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই যক্ষ্মা ৰোগ আৰু ইয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ উদ্দেশ্যে আজি হাৰিয়ানাৰ পঞ্চকুলাৰ পৰা ১০০ দিনীয়া যক্ষ্মা নির্মূলকৰণ অভিযান আৰম্ভ কৰিব। হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়ব সিং আৰু স্বাস্থ্যমন্ত্ৰী আৰতি সিং ৰাও এই অনুষ্ঠানত উপস্থিত থাকিব। দেশৰ ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৪৭ খন জিলাত এই অভিযান ৰূপায়ণ কৰা হ’ব। অভিযানৰ সময়ছোৱাত যক্ষ্মা ৰোগৰ চিনাক্তকৰণ, চিকিৎসাত হোৱা বিলম্ব হ্ৰাস কৰা আৰু বিশেষকৈ অধিক বিপদ আশংকা থকা ব্যক্তিৰ চিকিৎসাত গুৰুত্ব আৰোপ কৰা হ’ব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।