দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ মৰ্যাদাৰ অনুৰূপ বিশ্বমানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়াত গুৰুত্ব আৰোপ জে পি নাড্ডাৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ মৰ্যাদাৰ অনুৰূপ বিশ্ব মানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে উৎপাদিত সামগ্ৰীৰ উচ্চ মান সুনিশ্চিত কৰাৰ বাবে ঔষধ আৰু চিকিৎসা সঁজুলি উদ্যোগৰ সৈতে অবিৰত আলোচনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ঔষধ, প্ৰসাধন সামগ্ৰী আৰু চিকিৎসা সঁজুলিৰ নিয়ামক ব্যৱস্থা সম্পৰ্কীয় এখন পৰ্য্যালোচনা বৈঠকত ভাগ লৈ শ্ৰীনাড্ডাই আজি এইদৰে প্ৰকাশ কৰে। ঔষধৰ উৎপাদক আৰু ৰপ্তানিকাৰী হিচাপে গোলকীয় পৰ্য্যায়ত দেশৰ অগ্ৰণী স্থিতিৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ঔষধৰ কেন্দ্ৰীয় মান নিয়ন্ত্রণ সংস্থাই গোলকীয় মানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সময় নির্ধাৰিত পৰিকল্পনা যুগুতাই উলিয়াইছে। তেওঁ কয় যে, ৰপ্তানি কৰা ঔষধৰ মান বৰ্তাই ৰখাৰ বাবে যাৱতীয় প্ৰণালী গঢ়ি তোলা উচিত।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।