অসম চৰকাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা মেগা স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত কালি বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়া জিলাত শিবিৰ মুকলি কৰা হয়। বিশ্বনাথ জিলাৰ কমাৰ্চ কলেজত, কাছাৰ জিলাৰ উদাৰবন্দ বিধানসভা সমষ্টিৰ বাবে, জগন্নাথ সিং কলেজত নগাঁও বটদ্ৰৱা সমষ্টিৰ বাবে, নেহৰুবালি খেলপথাৰত আৰু তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ বাবে শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ ৫০ টা ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে প্ৰয়োজনসাপেক্ষে ৰোগীক চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷
ৰাজ্যজুৰি অনুষ্ঠিত শুশ্রূষা সেতু শীৰ্ষক এই শিবিৰত এই পর্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। যোৱা ১০ অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ ৩৯টা সমষ্টিভিত্তিক স্বাস্থ্য মেলাত ১০ হাজাৰৰো অধিক ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূহত ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰা হ’ব। নিউ গুৱাহাটী সমষ্টিৰ বাবে কালি চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিবিৰ মুকলি কৰা হয়। শিবিৰত দুহেজাৰ ৩৩৬ গৰাকী শিশু আৰু কিশোৰ কিশোৰীয়ে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসা লাভ কৰে । ইয়াৰে ১৫৪ গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ একেদৰে গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিৰ বাবে কাইলৈ আর্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত আৰু ডিমৰীয়া সমষ্টিৰ বাবে ২৪ অক্টোবৰত ডিমৰীয়াত এই শিবিৰ অনুষ্ঠিত হ’ব। দিছপুৰ সমষ্টিৰ বাবে ৩১ অক্টোবৰত দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ মুকলি কৰা হ’ব। ডিমা হাচাও জিলাৰ এন এল দাউলাগুপু ক্রীড়া প্রকল্পত আজি এনে ধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব । বিশ্বনাথ জিলাতো সমষ্টি ভিত্তিত কালি মেগা স্বাস্থ্যশিবিৰ অনুষ্ঠিত হয়। বিশ্বনাথ বাণিজ্য মহাবিদ্যালয় প্ৰাংগণত এই মেগা স্বাস্থ্য শিবিৰৰ আৰম্ভণি কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এনে স্বাস্থ্য শিবিৰৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই শিবিৰত কেইবাটাও বিভাগৰ বিশেষজ্ঞ চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াব। বিধায়ক তৰংগ গগৈয়ে কালি শিবিৰৰ প্ৰস্তুতি পৰিদৰ্শন কৰি সমষ্টিবাসীক এই শিবিৰ সফল কৰি তুলিবলৈ আহ্বান জনায়।