October 30, 2025 8:51 PM | Health camp

printer

ৰাজ্যৰ কেইবাখনো জিলাত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ

ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ আজি ধেমাজি জিলাৰ জোনাইৰ গান্ধী ময়দান খেলপথাৰত অনুষ্ঠিত হয়। এই শিবিৰত ১৮ তলৰ ৩ হাজাৰৰো অধিক ল’ৰা-ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। জোনাইৰ বিধায়ক ভুৱন পেগুৱে এই শিবিৰত অংশ লৈ ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ বিষয়ে ৰাইজক অৱগত কৰে। ৫০গৰাকী বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়োৱা এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। গোলাঘাট জিলাতো আজি শুশ্রুষা সেতু আঁচনিৰ অধীনত পঞ্চমটো বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। বোকাখাটত অনুষ্ঠিত এই শিবিৰত প্ৰায় ৬ হাজাৰ লোকে অংশ লয়। মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰা শিবিৰত ৪ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷

ডিফুৰ চৰকাৰী বালক বিদ্যালয় খেলপথাৰতো আজি শুশ্ৰুষা সেতু আঁচনিৰ অধীনত স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সদস্য সূৰ্য ৰংফাৰে জিলাখনৰ এই অন্তিমটো স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত প্ৰায় দুহেজাৰ ল’ৰা-ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।