October 27, 2025 11:27 AM | Health camp

printer

ৰাজ্যৰ কেইবাখনো জিলাত ৰাজ্য চৰকাৰৰ শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি অনুষ্ঠিত হয়। এই শিবিৰত বিশেষজ্ঞ চিকিৎকৰ দ্বাৰা ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই শিবিৰত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ কথা ৰাইজক অৱগত কৰে আৰু ইয়াৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়।

শোণিতপুৰ জিলাৰ ন-দুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত অনুষ্ঠিত স্বাস্থ্য মেলাত কালি ৫০ গৰাকী বিশেষজ্ঞ চিকিৎসকে ১৮ বছৰ তলৰ ল’ৰা-ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔধষ প্ৰদান কৰে। সমষ্টিটোৰ ১০ হাজাৰৰো অধিক লোকে এই মেলাত স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষা কৰি জটিল ৰোগত আক্রান্ত বুলি নিশ্চিত হোৱাসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।